Losing A Fellow Companion
(A poem written by Shri Jiten Barua, our resident, in the memory of Late Nripen Sharma, a former resident of Aamar Ghar)
এজন সহযাত্ৰীৰ মৃত্যুতুত
এক চিৰন্তন সত্য নাম যাৰ মৃত্যু এজন সহ যাত্ৰী নোহোৱা হল। নৃপেন শৰ্মা আজি নাই আমাৰ মাজত, কাল কৰোণাৰ আক্ৰমনৰ বলি হল এজন আবাসী সহযাত্ৰী। সুপৰিচিত মোৰ নাছিল, নাজানো সবিশেষ, মাথো পৰিচয় দুমাহৰ; তথাপি বুকুখন যেন বিষায়। একে পথৰে যে যাত্ৰী বৃদ্ধাশ্ৰমৰ নাজানো মনৰ কথা, নাজানো জীৱন গাঠা, পোৱা,নোপোৱা,হেৰুৱাৰ জমা খৰছৰ বাৰ্তা; ধীৰ স্থীৰ মানুহ জনৰ নামটোও মই জনাই নাছিলো। টুপিতোৱেই যেন আছিল পৰিচয়। কাল কৰোণাৰ যুদ্ধত পৰাজিত সৈনিক। হলাগছত বাগি কুঠাৰ মাৰি জয়ী হল কৰোনা,সংহাৰী কাল কৰোনা। পেচমেকাৰ লগোৱা শৰ্মা ডাঙৰীয়া কভিড যুজঁত হল পৰাজিত, চিৰন্তন মৃত্যু ৰুধিব কোনে! নাজানো মনৰ কথা, নাজানো বাৰ্তা নাই কোনো হিচাবো পোৱা নোপোৱা, হেৰুৱাৰ জীৱনৰ জমা খৰছৰ। বিদেহী আত্মাৰ শান্তি কামনাৰে যাত্ৰাপথত সিচি দিলো একাজলী শুভ্ৰ শেৱালী হৃদয়ত প্ৰস্তুতিত হোৱা,
জনালো বিদায়ৰ সশ্ৰদ্ধ শেষ নমস্কাৰ।
৩১/৫/২১ দুপৰীয়া ১১ (May 31, 2021, 11.00 a.m.))
We Too Have Our Home (Aamar Ghar)
(A poem written by Shri Jiten Barua, our resident)
কোনে কোনে কয় আমি অঘৰী নাই ঘৰ বাৰী কোনে কয় আমি অসহায়, এই ঘৰ আমাৰ ঘৰ,ইয়াতে থাকো এজন ইজনৰ সহায়,নহয়অসহায়। শুচিব্ৰতাবাইদেৱে দিযোৱা এইখন আমাৰেই ঘৰ।
কোনে কয় আমি অঘৰী নাই ঘৰ বাৰী কোনে কয় আমি অসহায়,আমিযে ইজনে সিজনৰ সহায়। বিশ্বৰঙ্গমঞ্চত আমি ভাৱৰীয়া, ভিন্নৰূপত নিৰুপিত ভাও তেজ মঙহৰে বান্ধিব নোৱাৰে ,যদিহে নাবান্ধে হৃদয়ৰে
এই ঘৰ আমাৰ ঘৰ শুচিব্ৰতা বাইদেৱে দিয়া। যুগব্ৰতা বাইদেৱে আদৰেৰে ৰখা।
কোনে কয় আমি অঘৰী নাই ঘৰ বাৰী কোনে কয় আমি অসহায় আশ্ৰয়হীন
এই ঘৰ আমাৰ ঘৰ ইজনে সিজনৰ সহায় হীনমন্যতা আঁতৰালে ইজনে সিজনক সহিলে পৰেও আপোন হৈ পৰে তেজ মঙহৰে সমন্ধ নগঢ়ে যদিহে হৃদয়ত নাথাকে অকনি সহানুভুতি নাপাহৰে স্বাৰ্থপৰতাৰ ভাব, বিশ্ব নাট ঘৰত আমি ভাৱৰীয়া সময়শেষ হব আঁৰকাপোৰ টানি দিব। জীৱন নাটৰ যৱনিকা হব। এইখন আমাৰ ঘৰ ইয়াতেই থাকো হয়তো ইয়াতেই জীৱন নাটৰ যৱনিকা হব বগা কাপোৰেৰে লতিকাই ঢাকি দিব অনিতাবাই চটিয়াব এমুঠি ফুল ৰবিন সমৰ মহানন্দ গনশে চাঙি খন দাঙি লব এখন নাটৰ শেষ হব থাকি যাব আমাৰ ঘৰ, থাকিব যাউতি যুগীয়া স্মৃতি স্বাধীনতা যুজাৰু অসম কেশৰী চিৰনমস্য অম্বিকাগিৰী।
২৮/৩/২১ (March 28, 2021)